Biography of hemchandra barua kwa

হেমচন্দ্ৰ বৰুৱা

এই প্ৰবন্ধটো সাহিত্যিক, হেমকোষ অভিধানত প্ৰণেতাজনৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে হেম বৰুৱা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।

হেমচন্দ্ৰ বৰুৱা (ইংৰাজী: Hemchandra Barua; ১৮৩৫-১৮৯৬) অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক।[3] ‘অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষঅভিধানৰ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়।[1] হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোক (১০ ডিচেম্বৰ) ২০০৫ চনৰ পৰা 'অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস' হিচাপে ইলোৰা বিজ্ঞান মঞ্চই পালন কৰি আহিছে।[4]

জন্ম আৰু পৰিয়াল

সম্পাদনা কৰক

হেমচন্দ্ৰ বৰুৱাৰ উপৰিপুৰুষ কলিবৰ এগৰাকী ব্ৰাহ্মণ আছিল জয়ধ্বজ সিংহৰ দিনত কান্যকুব্জৰ পৰা অসমলৈ আহিছিল৷ তেওঁক ৰজাই এহেজাৰ পূৰা নিষ্কৰ ব্ৰহ্মোত্তৰ মাটি দি বেজবৰুৱা পাতিছিল৷ কলিবৰ বেজবৰুৱাৰ সাতপুৰুষ পাছত মধুৰাম বেজবৰুৱা হয় আৰু তেওঁৰেই পুত্ৰ মুক্তাৰাম বৰুৱা৷ তেওঁ শিৱসাগৰ জিলাৰ মিছামৰা মৌজাৰ মৌজাদাৰ আছিল৷[5] ১৮৩৫ চনৰ ১০ ডিচেম্বৰ (১৭৫৭ শক৷[5], ১৭৫১ শকৰ ২৪ আঘোণ[2])ত অসমৰ ঐতিহাসিক দেৰগাঁৱৰ ৰজাবাহৰত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল ৰূপহী দেৱী।[2] মুক্তাৰামৰ দুগৰাকী ভাৰ্যা হৈছিল, প্ৰথমা ভাৰ্যাৰ যোগেশ্বৰ নামৰ এটি পুত্ৰ আছিল; কিন্তু ১৮ বছৰ বয়সতে যোগেশ্বৰৰ মৃত্যু হোৱাত মুক্তাৰামে দ্বিতীয় বিবাহ কৰিছিল৷ দ্বিতীয় ভাৰ্যাৰ ফালৰ পৰা হেমচন্দ্ৰৰ জন্ম হয়৷[5] মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ আৰু এজনী পুত্ৰী সন্তান আছিল। হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জ্যেষ্ঠ সন্তান আছিল।[6] হেমচন্দ্ৰৰ প্ৰায় ১২ বছৰমান বয়সত মুক্তাৰাম বৰুৱাৰ মৃত্যু হোৱাত সম্বন্ধীয় দদায়েক লক্ষ্মীৰাম বৰুৱাই হেমচন্দ্ৰক তুলি লয়৷[5]

শিক্ষাৰম্ভ তথা প্ৰাকযৌৱন

সম্পাদনা কৰক

হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত। দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে ব্যাকৰণো পঢ়ুৱাইছিল। ব্যাকৰণৰ সন্ধিলৈকে শিকাৰ পাছতেই তেখেতে সেই শিক্ষাৰ অন্ত পৰে, কাৰণ সেইসময়তে তেওঁলোকৰ গাঁওখনত জহনী ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিৎসাত দিনে ৰাতিয়ে ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে।[7] ফলত তেওঁ শিৱসাগৰলৈ গৈ খুৰাক লক্ষ্মীৰাম বৰুৱাৰ ঘৰত থাকিবলগীয়া হয়। কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত শিক্ষা-নবীচ পদত সুমুৱাই দিয়ে।[2] তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি টকা।[6][5] য'ত তেও কেপ্তেইন ব্ৰডীৰ সংস্পশলৈ আহে,যি সেই সময়ৰ শিৱসাগৰৰ ডেপুটী কমিচনাৰ আছিল। কেপ্তেইন ব্ৰডীয়ে আৰু খ্ৰীষ্টান মিছনাৰীসকলৰ সহায়ত তেওঁক ইংৰাজী ভাষাৰ লগতে সংস্কৃত ভাষাৰ জ্ঞান দিছিল।

নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই তেও সংস্কৃত, হিন্দী আৰু ইংৰাজী ভাষাৰ জ্ঞান আহৰণ কৰিছিল। সেই সময়ত ইংৰাজী শিকাটো ভাল চকুৰে নাচাইছিল বাবে তেওঁ গোপনে ইংৰাজী শিকিছিল যদিও পিছত দদায়েকে জানিব পাৰি খঙতে তেওঁৰ সকলো শিক্ষা গ্ৰহণ বন্ধ কৰি দিছিল৷[8] সেয়ে, আমেৰিকান মিছনেৰীসকলৰ সহায়ত তেওঁ ইংৰাজী শিক্ষা সাং কৰিছিল৷[5] তেওঁ বঙলা ভাষাও আয়ত্ত কৰিছিল।[2]

বিবাহ

সম্পাদনা কৰক

১৮৫২ চনত তেখেতে বিয়া কৰাইছিল। এবছৰৰ পাছতে এজনী কন্যা সন্তান জন্ম লাভ কৰে। জীয়েকৰ নাম সাৰদা দেৱী বা অন্য নাম পদ্মাৱতী ৰাখিছিল। বিয়াৰ মাত্ৰ দুবছৰ পাছতেই তেখেতৰ পত্নীয়ে কলেৰা ৰোগত আক্ৰান্ত হৈ[8] অকাল মৃত্যুক সাৱটি লয়।[6]

আদৰ্শ

সম্পাদনা কৰক

হেমচন্দ্ৰ বৰুৱা সমাজ-বিপ্লৱী আছিল। তেওঁ ৰক্ষণশীলতাৰ ঘোৰ পৰিপন্থী আছিল। তেওঁ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু ৰাজা ৰামমোহন ৰায়ৰ একান্ত অনুগামী আছিল। তেওঁ মনে-প্ৰাণে স্ত্ৰী-শিক্ষাৰ প্ৰসাৰ আৰু বিধৱা-বিবাহৰ পক্ষপাতী আছিল।[2]

মৃত্যু

সম্পাদনা কৰক

বাত বিষত আক্ৰান্ত বৰুৱাৰ ১৮৯৬ চনৰ ১৭ মে’ত ৬১ বছৰ বয়সত মৃত্যু হয়।[2][8]

কৰ্ম জীৱন

সম্পাদনা কৰক

  • গোলাঘাটৰ ৰাজহ বিভাগৰ পেচকাৰ পদত ৬ মাহৰ বাবে যোগদান।
  • শিৱসাগৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষা প্ৰদান।[2]
  • শিৱসাগৰ কাছাৰীত ৰেভিনিউ পেস্কাৰ৷[5][2]
  • পুনৰ ৰাজহ বিভাগৰ চাকৰিত যোগদান। (১৮৬২ চনলৈকে)
  • গুৱাহাটীত ন্যায়িক আদালতৰ ভাষা অনুবাদক (কাকতী) হিচাপে যোগদান।[5]
  • অধীক্ষক (চুপাৰিণ্টেডেণ্ট) পদলৈ পদোন্নতি লাভ।[5]
  • কামৰূপৰ উপায়ুক্ত কাৰ্যালয়ত এবছৰ অনুবাদক পদত যোগদান।
  • ন্যায়িক আয়ুক্ত চাহাবৰ কাৰ্যালয়ত পুনৰ যোগদান।
  • কিছুকাল 'আছাম নিউচ' কাকতৰ সম্পাদক।[5]

এইবোৰৰ উপৰিও তেখেতে অসমত মিশ্যেনেৰী সকলৰ দ্বাৰা প্ৰকাশিত অৰুণোদ‍ই সংবাদ পত্ৰৰ লগতো জড়িত হৈ আছিল। ১৮৯৬ চন(১৮১৮ শক)ৰ ১৭ ব'হাগ তাৰিখে তেওঁৰ মৃত্যু হয়।[5]

প্ৰকাশিত পুথি

সম্পাদনা কৰক

হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ অভিধান ৰচনা কৰাটো এক অন্যতম কৃতিত্ব। এই বিষয়ে হেমকোষ চাওক।

তদুপৰি, হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ ব্যাকৰণ নামৰ এখন পুথি ১৮৫৯ চনত লিখে। সেইখনৰে পুনৰ সংস্কৰণত “অশুধ’’বোৰ আঁতৰাই নতুন নাম “অসমীয়া ব্যাকৰণ’’ ৰাখি ১৮৭৩ চনত প্ৰকাশ কৰে।[9]

  • অসমীয়া ভাষাৰ ব্যাকৰণ, ১৮৫৯ চনত প্ৰকাশ পায়।[6][2]
  • অসমীয়া ব্যাকৰণ[2]
  • অসমীয়া ল’ৰাৰ ব্যাকৰণ[2]
  • তুলনামূলক ব্যাকৰণ (অপ্ৰকাশিত)
  • অসমীয়া ল’ৰাৰ আদিপাঠ, আগছোৱা[2]
  • অসমীয়া ল’ৰাৰ আদিপাঠ, মাজছোৱা[2]
  • অসমীয়া ল’ৰাৰ আদিপাঠ, শেহছোৱা[2]
  • পাঠ-মালা, এই পাঠ্যপুথিখন ১৮৮২ চনত ৰচনা কৰিছিল।[6]* অসমীয়া ল’ৰাৰ আদিপাঠ, মাজছোৱা[2]
  • স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়,[2]
  • কানীয়াৰ কীৰ্ত্তন[2]
  • বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী[2]
  • নট্চ অন মেৰেজ ছিষ্টেম অৱ দি পিপল্চ অৱ আসাম(ইংৰাজী) ১৮৯২[2]
  • অসমীয়া হেমকোষ,[2] এই অভিধানখন ১৯০০ চনত প্ৰকাশ পায়।[6]
  • পঢ়াশলীয়া অভিধান,[2] ১৯০৬
  • সংক্ষিপ্ত হেমকোষ[2] (অপ্ৰকাশিত)
  • তুলনামূলক ব্যাকৰণ[2]
  • কামৰূপ তন্ত্ৰ[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক

Kunwar amar singh biography channel

Copyright ©sumsac.a2-school.edu.pl 2025